মানকাচৰ :- ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াত দক্ষিণ শালমৰা আৰু মানকাচৰ জিলাৰ বৃহৎ অঞ্চল, জাহ গৈছে এখনৰ পিছত আনখন গাও |
দক্ষিণ শালমাৰা সমষ্টিৰ অন্তগৰ্ত বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে । ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজ আৰু আছুৱে বিভিন্ন সময়ত দাবী জনাই আহিছিল যদিও কোনো গুৰুত প্ৰদান নকৰিলে স্থানীয় বিধায়ক , সাংসদ, চৰকাৰ আৰু প্ৰশাসনে। যাৰ বাবে ৰাইজে আজি আতংকিত হৈ পৰিছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে খহনীয়াত আক্ৰান্ত গলাদিগি অঞ্চলত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ দেখি এই অভিযোগ উত্থাপন কৰে । অচিৰেই স্থানীয় বিধায়ক , সাংসদ, চৰকাৰ আৰু প্ৰশাসনে ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া বিজ্ঞান সন্মতভাবে স্থায়ী প্ৰতিৰোধ নকৰিলে সৰ্ব সাধাৰণ ৰাইজক লৈ আছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে।