আমগুৰি:-যি সময়ত দিল্লীত কৃষকে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন খন লৈ মাহ জোৰা প্ৰতিবাদত ৰাস্তাৰ ওপৰত আন্দোলনত নামিছে সেই সময়তে অসমত কেন্দ্ৰীয় চৰকাৰৰ তিনি খন কৃষি আইন সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হৈছে | অসম কৃষি বিশ্ববিদ্যালয় আৰু এম এছ স্বামীনাথন ফাউন্ডেশ্বনৰ উদ্যোগত দিখৌমুখ কলেজত আয়োজন কৰা হৈছে কৃষি সম্পৰ্কীয় সজাগতা সভা |
মহাবিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত আদৰণি জনোৱা সভাত কৃষি আইন খনে কি ধৰণে কৃষকক লাভৱান কৰিব অথবা ক্ষতি হব গোটেই বিষয় সামৰি ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় কৃষকৰো বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে কৃষি বিজ্ঞানী সঞ্জয় কুমাৰ চেতীয়া , কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়ন্ত প্ৰসাদ হাজৰিকা সহ বহুজন অভিজ্ঞ ব্যক্তিয়ে উত্তৰ দিয়ে |প্ৰগতিশীল কৃষক হৰেন বৰা, কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উপদেষ্টা লোহিত চন্দ্ৰ গগৈ আদি বহুজন গন্যমান্য ব্যক্তিয়ে অংশ লয় |