গুৱাহাটী – দিছপুৰ আৰক্ষী থানাৰ গেটত ন্যায় বিচাৰি প্ৰতিবাদ। হোটেল কৰ্মচাৰীক আক্ৰমণ কৰা উদণ্ড যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ছয়মাইলস্থিত হোটেল পেলেচিঅ’ৰ ৰান্ধনীক আক্ৰমণ কৰিছিল উদণ্ড যুৱকৰ দলে। যোৱা ৩০ ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা।

দিছপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ ওপৰত ক্ষোভিত সদৌ অসম হোটেল কৰ্মচাৰী সন্থা। এগৰাকী হোটেল কৰ্মচাৰীক উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে থানাৰ গেটৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত সদৌ অসম হোটেল কৰ্মচাৰী সন্থাৰ সদস্য সকলে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ লৈ আমাক ন্যায় লাগে, আমাক ন্যায় প্ৰদান কৰক, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে দিছপুৰ আৰক্ষী থানাৰ গেটৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীও ৰূপায়ন কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, যোৱা ৩০ ডিচেম্বৰ তাৰিখে ছয়মাইলস্থিত হোটেল পেলেচিঅ’ত কেইজনমান উদণ্ড যুৱকৰ দলে হোটেলখনৰ ৰান্ধনীশালত প্ৰৱেশ কৰি হোটেলখনৰ ৰান্ধনী শ্ৰীমন্ত হাজৰিকা আৰু কুলদ্বীপ ডেকাক প্ৰহাৰ কৰিছিল। উদণ্ড যুৱকৰ দলটোৰ আক্ৰমণত শ্ৰীমন্ত হাজৰিকা আৰু কুলদ্বীপ ডেকা গুৰুতৰভাৱে আহত হৈছিল।

ঘটনা সংক্ৰান্তত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও বৰ্তমানলৈকে আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সদৌ অসম হোটেল কৰ্মচাৰী সন্থাই অতি শীঘ্ৰে আক্ৰমণকাৰী যুৱক কেইজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply