এমুঠি ভাতৰ বাবে এতিয়া দিন হাজিৰা কৰিব লগা হৈছে এজন বন কৰ্মীয়ে

কোকৰাঝাৰ– এমুঠি ভাতৰ বাবে এতিয়া দিন হাজিৰা কৰিব লগা হৈছে এজন বন কৰ্মীয়ে। মাক্ৰিঝৰাৰ ফজল নামৰ লোকজনে ২০১০ চনতে লাভ কৰিছিল বনবিভাগৰ নিযুক্তি পত্ৰ। চৰকাৰী নিযুক্তি পত্ৰ লাভ কৰা ফজলক বিভাগীয় বিষয়াই চক্ৰান্তমূলক ভাবে কৰিলে বঞ্চিত। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰিছে ৰাজ্যৰ বন বিভাগে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই বন বিভাগে। বছৰ বছৰে কন্দুৱাইছে এজন নিষ্ঠাবান বন কৰ্মীক। বিপৰীতে এজন ভুৱা বন কৰ্মীয়ে ভোগ কৰিছে চৰকাৰী দৰমহা।

বিটিএডিৰ মাক্ৰিঝোৰাৰ মণিপুৰ প্ৰথম খণ্ড গাঁওৰ আব্দুল্লা শেখৰ পুত্ৰ ফজল হক নামৰ এইজন লোকে ১৯৯৩ চনৰ পৰা মাষ্টাৰ ৰোলত এজন কেজুৱেল লেবাৰ হিচাপে কাম কৰি আহিছিল খৰাঘট ৰেঞ্জৰ অন্তৰ্গত মাক্ৰিঝোৰা বিট কাৰ্য্যালয়ত। তাৰ পিছত ১৯৯৬ চনত মাক্ৰিঝোৰাৰ ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ টিক চেগুন বাগান এখন চোৱাচিতাৰ বাবে ফজলক দায়িত্ব দিছিল তদানীন্তন বিট অফিচাৰ সজাহান আহমেদে।

এনে সময়তে ২০০৬ চনত চৰকাৰী বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হয় কোকৰাঝাৰৰ চৰাইখলাত। তাৰ পিছতেই চৰকাৰৰ নিৰ্দেশ মৰ্মে ২০০৮ চনৰ পৰা কেজুৱেল লেবাৰ পদত ফজলক ৰেগুলাৰ হিচাপে দেখুৱা হৈছিল বিভাগীয় ভাৱে।

ইপিনে ২০১০ চনত ফজলে কেজুৱেল লেবাৰ পদত নিযুক্তি পত্ৰ লাভ কৰাৰ পিছত বন বিভাগৰ পৰ্বতঝৰা ডিভিজন কাৰ্য্যালয়ত যোগদান কৰিবলৈ যায়। যদিওঁ বিভাগীয় তালিকাত ফজলৰ দেউতাকৰ নাম আবুল হুছেইন বুলি উল্লেখ থকা প্ৰত্যক্ষ কৰে।

ফজলৰ পৰিৱৰ্তে বিলাসীপাৰাৰ খেৰডুবি হাতিপতা অঞ্চলৰ আন এক ভুৱা ফজলৰ নাম তালিকাভুক্ত কৰি চক্ৰান্তমূলক ভাৱে বঞ্চিত কৰা হৈছিল ফজল শেখক। আনহাতে চাকৰিত যোগদান কৰাৰ ক্ষেত্ৰতো বাধা দিছিল তদানীন্তন বন সংমণ্ডল বিষয়া এ চি দাসে।

উল্লেখ্য যে, চৰকাৰী নিযুক্তি পত্ৰ পাই চাকৰিত যোগদান কৰিব নোৱাৰা ফজলে বিভাগীয় বিষয়াৰ পিছে পিছে ঘূৰি কোনো সঁহাৰি নাপাই দুই বছৰ পিছত কোকৰাঝাৰ আদালতত গোচৰ ৰুজু কৰায়। আদালতৰ নিৰ্দেশৰ পিছত এইজনেই প্ৰকৃত ফজল বুলি লিখিত হিচাপে দি চক্ৰান্তমূলক ভাবে গোচৰ নিষ্পত্তি কৰায়। যদিওঁ বিভাগে নিযুক্তি নিদিয়ে ফজলক।

পিছত উপায়ন্তৰ হৈ পুনৰ ২০১৪ চনত ভুক্তভোগী ফজলে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। উক্ত গোচৰৰ ভিত্তিত ২০১৭ চনত উচ্চ ন্যায়ালয়ে ফজল শেখৰ সপক্ষে ৰায় প্ৰদান কৰি ফজলক নিযুক্তি দিবলৈ নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ তিনি বছৰ পিছত যোৱা ২৮ ছেপ্টেম্বৰত বৰ্তমানৰ কোকৰাঝাৰৰ পৰ্বতঝৰা বন সংমণ্ডল বিষয়াই ঘটনা সন্দৰ্ভত বিভাগীয় ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে যদিওঁ আজিলৈকে ৰাজ্যৰ বন বিভাগত নিযুক্তি নাপালে ভুক্তভোগী ফজলে।

চৰকাৰ আৰু বিভাগীয় বিষয়াৰ কোনো সঁহাৰি নোপোৱা ফজলে এতিয়া দিন হাজিৰা কৰাৰ লগতে সমবায় সমিতিত কুলিৰ কাম কৰি বহু কষ্টেৰে পাঁচ জনীয়া পৰিয়াল পোহপাল দিব লগীয়া হৈছে। চৰকাৰে ফজলক নিযুক্তি নিদিলে আত্মহত্যাৰ দৰে পথ বাছি লব বুলি কোৱাৰ লগতে ইয়াৰ বাবে বন বিভাগৰ তদানীন্তন বিষয়া সকলে দায়ী হব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ফজলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply