পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রক্রিয়া আৰম্ভ নির্বাচন আয়োগৰ

নিউজ ডেক্স: অহা বহাগ বিহুৰ আগে পিছে অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব | নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে নির্বাচনী প্রক্রিয়া ৷ নির্বাচনৰ সময়ত নিৰাপত্তাজনিত বিষয়ক লৈ আলোচনা কৰিবলৈ আয়োগৰ এক বিশেষ প্রতিনিধি দলে কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে বৈঠকত মিলিত হয়৷ দিল্লীস্থ নির্বাচন আয়োগৰ কার্যালয়ত অনুষ্ঠিত এই বৈঠকত মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰাৰ লগতে নির্বাচন আয়ুক্ত সুশীল চন্দ্রা আৰু ৰাজীৱ কুমাৰেও অংশগ্রহণ কৰে ৷

উল্লেখ্য যে অসমৰ লগতে পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ’ব৷ সেয়েহে অসমৰ লগতে আন চাৰিখন ৰাজ্যৰ নির্বাচনী প্ৰস্তুতিৰ বিষয়তো কেন্দ্রীয় গৃহ সচিবৰ সৈতে আয়োগ আলোচনাত মিলিত হোৱা বুলি এক প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে৷ সুস্থ নির্বাচনৰ বাবে পর্যাপ্ত নিৰাপত্তা বাহিনীৰ প্রয়োজন আছে৷ এইক্ষেত্রত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত কেন্দ্রীয় সশস্ত্র অর্ধসামৰিকবাহিনী মোতায়েন কৰিব বিচাৰিছে নির্বাচন আয়োগে৷ ইতিমধ্যে সংশ্লিষ্ট ৰাজ্য চৰকাৰলৈ নির্বাচন আয়োগৰ তৰফৰ পৰা এলানি নির্দেশাৱলীও প্রেৰণ কৰিছে ৷

মূলতঃ নির্বাচনী কাম–কাজত নিয়োগ কৰিবলগীয়া বিষয়া–কর্মচাৰীসক লৈ আয়োগে ডিচেম্বৰ মাহতেই নির্দেশনাৱলী জাৰি কৰিছে৷ ইপিনে, মঙলবাৰে জাৰি কৰা প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে নির্বাচনী প্রক্রিয়াৰ সৈতে বহুতো বিষয় জডিত হৈ আছে৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ বিভাগৰ সহায়–সহযোগিতাৰ প্রয়োজন আছে৷ মূলতঃ নির্বাচনকেন্দ্রিক নিৰাপত্তাজনিত বিষয়ৰ ওপৰতেই আজি কেন্দ্রীয় গৃহ সচিবৰ সৈতে আলোচনা হয় ৷

ইয়াৰ মাজতেই নির্বাচন আয়োগৰ এটা প্রতিনিধি দলে যোৱা দুটা দিন ধৰি অসম ভ্রমণ কৰিছে৷ সোমবাৰে প্রতিনিধি দলটোৱে ডিব্রুগড়ত উজনি অসম আৰু উত্তৰ অসমৰ ২০ নির্বাচনী জিলাৰ নির্বাচন বিষয়া, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মাণ্ডলিক আয়ুক্ত, ডি আই জি, আই জি পিসকলৰ সৈতে আলোচনাত মিলিত হৈ নির্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সুচাৰু ৰূপে নির্বাচন অনুষ্ঠিত কৰাৰ পৰামর্শ আগবঢ়ায় ৷

প্রতিনিধি দলটো মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ নামনি অসম, বৰাক উপত্যকাৰ নির্বাচনী বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক, মাণ্ডলিক আয়ুক্ত, ডি আই জি, আই জি পিৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে আন এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল৷ কিন্তু প্রতিকূল বতৰৰ বাবে ডিব্রুগড়ৰ পৰা গুৱাহাটী অভিমুখী বিমানৰ যাত্রা বাতিল হোৱাত নির্বাচন আয়োগৰ প্রতিনিধি দলটোৱে ডিব্রুগড়ৰ পৰাই ভিডি’ কনফাৰেঞ্চযোগে বৈঠকখন অনুষ্ঠিত কৰে৷ এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগৰ নিৰ্বাচন অধিক হিংসাত্মক হোৱাৰ আশংকা কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply