দিল্লীত ট্রেক্টৰ সমদলক লৈ সিদ্ধান্ত ল'ব আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ ঘোষণা

নিউজ ডেস্ক: আগন্তুক গণতন্ত্ৰ দিৱসত দিল্লীত প্রতিবাদী কৃষকে ট্রেক্টৰ সমদল উলিয়াবলৈ সিদ্ধান্ত লোৱা বিষয়টো সন্দর্ভত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷সোমবাৰে শীর্ষ আদালতখনে উল্লেখ কৰিছে যে এয়া আইন–শৃংখলাৰ বিষয়৷ গতিকে এই সন্দর্ভত দিল্লী আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে তাক লৈ সিদ্ধান্ত গ্রহণ কৰাৰ অধিকাৰ আছে আৰক্ষীৰ৷

কৃষকৰ প্রস্তাৱিত ট্রেক্টৰ সমদল বন্ধ কৰাৰ নির্দেশ দিব লাগে বুলি দাখিল হোৱা এক আবেদনৰ শুনানি গ্রহণ কৰি এই কথাও ন্যায়ালয়ে ঘোষণা কৰিছে যে কেন্দ্রীয় চৰকাৰে বিষয়টোৰ মোকাবিলা কৰিবলৈ নিজে চিন্তাচর্চা কৰা প্ৰয়োজন ৷ যিহেতু আইন–শৃংখলাৰ বিষয়, তাক ৰক্ষা কৰাৰ দায়িত্ব আৰক্ষী প্রশাসনৰ হাতত আছে৷ অর্থাৎ দিল্লী আৰক্ষীয়ে প্রস্তাৱিত এই ট্রেক্টৰ সমদল আইন–শৃংখলা ৰক্ষাৰ বাবে নিষিদ্ধ কৰিবও পাৰে৷

তিনিখন কৃষি আইন বাতিলৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকে গণতন্ত্ৰ দিৱসৰ দিনা ৰাজধানী দিল্লীত ট্রেক্টৰ সমদল উলিয়াব বুলি হুংকাৰ দিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply