নিউজ ডেস্ক: শান্তিপূৰ্ণ কৃষকৰ ট্ৰেক্টৰ ৰেলী কৰিব বিচৰা কৃষক আন্দোলনে বৰ্তমান হিংসাত্মক ৰূপ লৈছে |যাৰ ফলত দিল্লীৰ কৃষকৰ ৰে’লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেইবাজনো কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে।
প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেট ভাঙি আগবাঢ়ি যোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কৰিব লগা হৈছে। দিল্লী মুৰ্কবাদ চ’কত আৰক্ষীৰ বাহন আতৰাই আগবাঢ়িছে প্ৰতিবাদকাৰী।

টিকৰী সীমান্তৱৰ্তী অঞ্চলটো যথেষ্ট সংখ্যক প্ৰতিবাদকাৰীয়ে সমদল বাহিৰ কৰিছে।সঞ্জয় গান্ধী টেন্সপৰ্ট চহৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছে। আৰক্ষীয়ে সিন্ঘু, গাজিপুৰ, টিকৰি সীমান্তত লাঠিচালনা কৰিব লগা হৈছে | কৃষকে আৰক্ষীয়ে নিদ্ধাৰিত কৰি দিয়া পথৰ সলনি আন পথলৈ যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছে |
কৃষক সকলে হাতে হাতে লাঠি লৈ বাছ আৰু বেৰিকড ভাঙিবলৈ আৰম্ভ কৰিছে | হিংসাত্মক ৰূপ লোৱা কৃষকসকলৰ নেতৃত্বই এতিয়া নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা দেখা গৈছে |প্ৰতিবাদকাৰী আৰক্ষীৰ বাধা নামানি লালকিল্লাত প্ৰবেশ কৰিছে

এই প্ৰতিবাদত অংশ লৈছে অসমৰ কৃষক সংগঠনৰ ১৩গৰাকী প্ৰতিনিধিয়ে।শ্বাহজাহানপুৰৰ পৰা প্ৰাণেশ্বৰৰ দিশে যোৱা টেক্টৰ সমদলত অংশ লৈছে তেওঁলোকে।ঢোল, ডবা লৈ দিল্লীৰ কৃষক ৰে’লীত অংশ ল’লে অসমৰ কৃষকে।
সোণেশ্বৰ নৰহৰ নেতৃত্বত যোৱা এই দলটোত আছে,- জয়ন্ত গগৈ, ৰাতুল গগৈ, দীনেশ দাস, হিয়াৰাণী চেতিয়া, জোস্ননা চেতিয়া, হিমাংশু গগৈ, নীলিমা চুলতানা, সংগীতা শইকীয়া, অনুৰূপা ডেকা আদি।