Air India ৰ বিমানত মহিলা পাইলট উৰিব দীৰ্ঘতম বিমান পথত

নিউজ ডেক্স: ভাৰতীয় মহিলাই আন এক অভিলেখ ৰচনা কৰিবৰ বাবে আগবাঢ়িছে | এইবাৰ বিমানৰ ককপিট-ক্ৰিউ সকলো কেৱল মহিলা। প্ৰথমবাৰলৈ এজনো পুৰুষ পাইলট অবিহনে মহিলা পাইলটৰ এটা দল বিশ্বৰ আটাইতকৈ দীঘল বিমান পথত উৰিবলৈ সাজু হৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে বিমানত থকা মহিলা পাইলটৰ এই দলটোৱে শনিবাৰে আমেৰিকাৰ চান ফ্ৰান্সিস্কো চিটিৰ পৰা বাংগালুৰুলৈ উৰা মাৰিব। এয়াৰইন্ডিয়াৰ সুত্ৰে প্ৰকাশ কৰা মতে, এয়াৰ ইণ্ডিয়াৰ বিমানখন শনিবাৰে উত্তৰ মেৰুলৈ উৰা মাৰিব,আৰু এটলান্টিক পথৰে বাংগালুৰুলৈ আহিব।

Air India ৰ বিমানত মহিলা পাইলট উৰিব দীৰ্ঘতম বিমান পথত

উল্লেখ্য যে বোয়িং 777-200 LR বিমানত VT ALGৰ ককপিট-ক্ৰিউ ত আছে কেপ্টেইন জয়া আগৰৱালা, কেপ্টেইন পাপাগাৰী থাংমাই, কেপ্টেইন আকাংক্ষা ছোনাভাৰী আৰু কেপ্টেইন শিবানী মানহাছ। প্ৰায় ১৭ ঘণ্টাৰ এই ঐতিহাসিক দীঘল বিমানৰ অংশ হ’ব তেওঁলোক। ইপিনে এই যাত্ৰা হ’ব ভাৰতীয় বিমান সংস্থাৰ বাবে আটাইতকৈ দীঘল ব্যৱসায়িক বিমান যাত্ৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply