কামপুৰঃ পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন। দীপান্বিতাৰ দিনা আপোনাৰ ঘৰখনৰ চৌপাশ পোহৰাই তুলিবলৈ মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন সৰু-বৰ আকৃতিৰ মাটিৰ চাকি।

সমগ্ৰ ৰাজ্যৰ মৃৎ শিল্পীসকলৰ লগতে সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে কামপুৰৰ মৃৎশিল্পী সকল। দিনে নিশাই কুমাৰশালীত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত এওঁলোক ৷

কিন্তু এইবাৰো যেন প্ৰতি বছৰৰ দৰে আশা-আকাংক্ষাত যেন ডাৱৰৰ আৱৰণ। কাৰণ চাহিদা কমিছে দীপাৱলীত থলুৱা কুমাৰসকলে নিৰ্মাণ কৰা হস্তনিৰ্মিত মাটি চাকিৰ। কোৰোনা মহামাৰী আৰু বজাৰত পয়োভৰ ঘটা বহিৰাগত ইলেকট্ৰ’নিক সামগ্ৰীৰ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে থলুৱা কুমাৰ সকলক। আৰ্থিক ভাৱে জুৰুলা হৈ পৰা কুমাৰ সকলে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply