গুৱাহাটী – বিভিন্ন সমস্যাৰে জৰ্জৰিত গৃহৰক্ষী জোৱান সকল। ৰাজ্যত প্ৰায় ২৭ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান আছে যদিও এই জোৱান সকল বিভিন্ন মৌলিক সমস্যাৰে জৰ্জৰিত। গৃহৰক্ষী জোৱান সকলে তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ দাবীত দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে গৃহৰক্ষী জোৱান সকলৰ দাবীত।
চৰকাৰ আহে আৰু যায়, প্ৰতিটো চৰকাৰৰ শাসন কালত গ্ৰীষ্মকালীন, শীতকালীন আৰু বাজেট অধিবেশন অনুষ্ঠিত হয় আৰু অধিবেশনৰ সময়ত লাষ্ট গেটৰ প্ৰতিবাদস্থলীত বহি থকা দেখিবলৈ পোৱা যায় গৃহৰক্ষী জোৱান সকলক। এইবাৰো বিজেপি চৰকাৰখনৰ অন্তিমটো বাজেট অধিবেশন চলি থকা সময়ছোৱাত দেখিবলৈ পোৱা গ’ল গৃহৰক্ষী জোৱান সকলৰ একে অৱস্থা।
ৰাজ্যৰ বিজেপি চৰকাৰৰ অন্তিমটো বাজেট অধিবেশনৰ দ্বিতীয় দিনা লাষ্ট গেটৰ প্ৰতিবাদস্থলীত প্ৰতিবাদত বহিল গৃহৰক্ষী জোৱান সকল। দাবী দীৰ্ঘদিনীয়া, দৰমহা বৃদ্ধি আৰু চাকৰি নিয়ামীয়াকাৰণ। গৃহৰক্ষী জোৱান সকলৰ মুখত দীৰ্ঘদিন ধৰি প্ৰদান কৰি অহা একেটাই শ্ল’গান। আমাৰ দাবী মানিব লাগিব, আমাক জীয়াই থাকিব দিয়ক, আমাৰ পৰিয়ালক খবলৈ দিয়ক। একে দাবী, একে শ্ল’গান লৈ প্ৰতিবাদত বহা গৃহৰক্ষী জোৱান সকলৰ দাবী কেতিয়া পূৰণ হ’ব ইয়াৰ কোনো নিশ্চয়তা নাই যদিও গৃহৰক্ষী জোৱান সকলে চলাই গৈছে নিজৰ সংগ্রাম।
লাষ্ট গেটৰ প্ৰতিবাদস্থলীত বহা সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ দাবী গৃহৰক্ষী জোৱান সকলৰ মহিলী দৰমহা বৃদ্ধি কৰা, অসম গৃহৰক্ষী আইনখন বৰ্তমান সময় উপযোগী হোৱাকৈ সংশোধন ঘটাই গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকাৰণ কৰা। দৈনিক ৩০০ টকা মজুৰিৰে গৃহৰক্ষী জোৱান সকল পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ বুলি মন্তব্য প্ৰকাশ কৰি গৃহৰক্ষী জোৱান সকলে চৰকাৰ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ আহ্বান জনায়।