চাংসাৰি – পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল) অৰ্থাৎ পূৰবী ডেইৰীয়ে দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ পশুধনৰ কাৰণে পৰিপূৰক ‘পূৰবী পশু পুষ্টি’ বৃহস্পতিবাৰে মুকলি কৰে। দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰাৰ ৱামুলৰ এই প্ৰচেষ্টাত ‘পূৰবী পশু পুষ্টি’য়ে সহায় কৰিব। অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ উন্নতিসাধন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিনাক্ত কৰা হৈছে।
পৰিকল্পিত উৎপাদনৰ অংশ হিচাপে, কামৰূপ জিলাৰ চাংসাৰিস্থিত পশুধন খাদ্য কাৰখানাত ৱামুলে ক্ষেত্ৰ বিশেষ খনিজ মিশ্ৰণ আৰু বাই-পাছ প্ৰ’টিন খাদ্যৰ উৎপাদন আৰম্ভ কৰিছে। অসম চৰকাৰৰ সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৃহস্পতিবাৰে এই কাৰখানা মুকলি কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে এন ডি ডি বি ৰ অধ্যক্ষ আৰু কাৰ্যবাহী পৰিচালক মিনেশ শ্বাহ, কৃষি উৎপাদন আয়োক্ত ৰাজেশ প্ৰসাদ আৰু অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং।
উদ্বোধনী অনুষ্ঠান উপলক্ষে, ৱামুল পৰিচালনা কমিটিৰ অধ্যক্ষ মিনেশ শ্বাহে উল্লেখ কৰে যে বিজ্ঞানসন্মতভাৱে খুওৱাৰ প্ৰণালী যেনে খাদ্য সন্তোলন কাৰ্যক্ৰম আৰু কৃত্ৰিম গৰ্ভধাৰণ পদ্ধতিৰ জৰিয়তে বংশবৃদ্ধি প্ৰণালীৰ বিষয়ে ৱামুলে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। এই প্ৰকল্পবোৰ অসম চৰকাৰে কৃষি-ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তনৰ বাবে অসম প্ৰকল্প (এপিএআৰটি)ৰ জৰিয়তে সমৰ্থন আৰু পুঁজি প্ৰদান কৰে য’ত ৱামুল আনুষ্ঠানিক দুগ্ধ খণ্ডৰ বাবে অন্তিম ৰূপায়ণ সংস্থা (ইআইএ)। উৎপাদনক্ষমতা বৃদ্ধিৰ বাবে ক্ষেত্ৰ বিশেষ খনিজ মিশ্ৰণ প্ৰদান কৰাটো খাদ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উপাদান, বিশেষকৈ পশুৰ উৎপাদনক্ষমতা আৰু বংশবৃদ্ধিৰ বাবে।
উক্ত অনুষ্ঠানত ৱামুলৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য আৰু অভিজ্ঞতাসম্পন্ন পশুপালক ভৰত চন্দ্ৰ কলিতাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু আৰু এই উপলক্ষে সকলো কৃষকৰ হৈ তেওঁৰ আনন্দ প্ৰকাশ কৰে, কিয়নো তেওঁলোকৰ নিজৰ সমবায়ে পুনৰ পশুখাদ্য আৰু খাদ্য পৰিপূৰক নিৰ্মাণ আৰম্ভ কৰিছে, যি পশুপালনৰ বাবে অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ। তেওঁ লগতে দুগ্ধ সমবায়ত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড আৰু অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।