দুগৰাকী প্ৰাপ্তবয়স্ক লোকে একেলগে বাস কৰাত বাধা নাই

নিউজ ডেস্ক– দুগৰাকী প্ৰাপ্তবয়স্ক লোকে একেলগে বাস কৰিব পাৰিব। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিব। এই ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ভাৰতত লিভ ইন ৰিলেশ্যনশ্বীপক অবৈধ হিচাপে মানি লোৱা হয়। এই ধৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত সমাজে গ্ৰহণ নকৰে। কিন্তু এতিয়াৰে পৰা এলাহাবাদ উচ্চ ন্যায়ালয়েও এই ক্ষেত্ৰত ৰায় দান কৰিছে।

সংবিধানৰ ২১ নং অনুচ্ছেদৰ অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অঞ্জনি কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ প্ৰকাশ পেড়িয়াৰ বিচাৰপীঠে কয় যে দুয়োগৰাকী প্ৰাপ্তবয়স্ক লোকে একেলগে বাস কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু তাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে।

অলপতে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দানেৰে এহাল পুৰুষ-মহিলাক নিৰাপত্তা দিয়াৰ বাবে নিৰ্দেশ দিছে আৰক্ষীক। একেলগে বাস কৰা লোক দুগৰাকীক পৰিয়ালৰ লোকে হাৰাশাস্তি কৰাৰ বাবে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ফাৰুখাবাদৰ কামিনী দেৱী আৰু অজয় কুমাৰে দাখিল কৰা লেখ আবেদনৰ শুনানিত এনেদৰে ন্যায়ালয়ে মত প্ৰকাশ কৰে।

কামিনী আৰু অজয়ে প্ৰকাশ কৰা অনুসৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু দুয়ো প্ৰাপ্তবয়স্ক। বিগত ছয় মাহে তেওঁলোকে একেলগে বাস কৰি আছে। কিন্তু কামিনীৰ পৰিয়ালে তেওঁলোকৰ সহবাসত বাধা প্ৰদান তথা হাৰাশাস্তি কৰি আহিছে।

১৭ মাৰ্চত তেওঁলোকে আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত আদালতৰ দ্বাৰস্থ হয়।

কামিনী আৰু অজয়ে প্ৰকাশ কৰা অনুসৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু দুয়ো প্ৰাপ্তবয়স্ক। বিগত ছয় মাহে তেওঁলোকে একেলগে বাস কৰি আছে। কিন্তু কামিনীৰ পৰিয়ালে তেওঁলোকৰ সহবাসত বাধা প্ৰদান তথা হাৰাশাস্তি কৰি আহিছে।

তেওঁলোকে এই সন্দৰ্ভত এখন আবেদন দাখিল কৰাৰ পিছত এই নিৰ্দেশনা প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply