যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

হোজাই – আজমল ফাউণ্ডেচনৰ মহানুভৱতা৷ চৰকাৰী সাহায্য নোপোৱাকৈ ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা দুগৰাকী শিক্ষকক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান আজমল ফাউণ্ডেচনৰ৷

অহাবছৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া আন এগৰাকী ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব আজমল ফাউণ্ডেচনে। লগতে ২১ খন ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকক ৩ লাখ ৪২ হাজাৰ ৭৭৫ টকাৰ সাহায্য বিতৰণ কৰে আজমল ফাউণ্ডেচনে৷

দেওবাৰে এই সাহায্য বিতৰণী অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনে ডাইৰেক্টৰ ড° খছৰুল ইছলামৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

দীৰ্ঘদিন ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি চৰকাৰীভাৱে এক টকাও লাভ নকৰা এই শিক্ষকসকলে সাহায্য লাভ কৰি আজমল ফাউণ্ডেচনৰ লগতে মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply