গুৱাহাটী – মহানগৰীত আম আদমী পাৰ্টীৰ উত্তাল প্ৰতিবাদ। দুঘণ্টাৰ ভিতৰত দিল্লী আৰক্ষীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ আম আদমী পাৰ্টীৰ। দিল্লী আৰক্ষীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰি ৰখাৰ অভিযোগ। কৃষক আন্দোলনক সমৰ্থন জনাই কৃষি আইন বাতিল কৰাৰ দাবী আম আদমী পাৰ্টীৰ।
গণেশগুৰি হনুমান মন্দিৰৰ সমীপত আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফটো আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ বিৰোধী শ্ল’গানৰ বেনাৰ-পোষ্টৰ লৈ আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ কৰ্মকর্তা সকল ৰাজপথলৈ ওলাই আহি উত্তাল কৰি তোলে গণেশগুৰিৰ ৰাজপথ।
কৃষক আন্দোলনক সমৰ্থন জনোৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰৰ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি অতি শীঘ্ৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে লগতে বিগত দুসপ্তাহ ধৰি চলি থকা কৃষক সকলৰ আন্দোলনক পূৰ্ণ সমৰ্থন জনায়।
আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ মাধুৰ্য শইকীয়াই প্ৰতিবাদস্থলীৰ পৰাই আগন্তক দুঘণ্টাৰ ভিতৰত দিল্লী আৰক্ষীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তি প্ৰদনা নকৰিলে বৃহস্পতিবাৰৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। আম আদমী পাৰ্টীৰ প্ৰতিবাদ অধিক উত্তাল হৈ পৰাত প্ৰতিবাদস্থলীত পূৰ্বৰ পৰাই উপস্থিত থকা আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰে।