দুদিনীয়াকৈ গুৱাহাটীত অষ্টম উত্তৰ পূব মহোৎসব

গুৱাহাটী– অষ্টম বাৰ্ষিক উত্তৰ পূব মহোৎসব দুদিনীয়াকৈ অহা ১৯ আৰু ২০ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত হ’ব লগা অনুষ্ঠানত সীমিত সংখ্যক ব্যক্তিহে উপস্থিত থাকিব। আজি গুৱাহাটীৰ গ্ৰেটৱে গ্ৰেন্ডৱেৰ হোটেলত আয়োজিত সংবাদমেলত এই কথা উল্লেখ কৰে আয়োজক শ্যামকানু মহন্তই। এইবাৰৰ এই অনুষ্ঠানৰ মিডিয়া পাৰ্টনাৰ হিচাবে আছে ইষ্ট ম’জ’। সীমিত সংখ্যক লোকৰ উপস্থিতিৰ কথা চিন্তা কৰিছে যদিও অনলাইন যোগে সকলো অনুষ্ঠান চাব পাৰিব।

উৎসবৰ লগত সংগতি ৰাখি উত্তৰ পূব মহোৎসবত “আইডিয়েশ্যন কনক্লেভ” শীৰ্ষকলএক নতুন কাৰ্যসূচী গ্ৰহন কৰিছে। যুৱ প্ৰতিভা সকলৰ সফলতাৰ কাহিনীৰ ওপৰতো এলানী বৈঠকৰ আয়োজন কৰিছে | এই উৎসবে অঞ্চলটোৰ দ্ৰব্য সমূহৰ ক্ষেত্ৰত এক বজাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ যুৱ প্ৰজন্মক উদ্যোগ ক্ৰীড়া আৰু অন্যান্য ক্ষেত্ৰত আত্মনিয়োগ কৰাত ইতিবাচক প্ৰভাব পেলাব বুলি ক’লে আত্রোজকে । আজিৰ সংবাদমেলত জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, ইষ্ট ম’জ’ৰ মুখ্য সম্পাদক কৰমা পালজৰ আদি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply