গুৱাহাটী : আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত সীমান্ত নিৰাপত্তা বাহিনীৰ পূব কমাণ্ড ভিত্তিত আন্তঃ ফ্ৰণ্টিয়াৰ বৈদ্যুতিক প্ৰকল্প প্ৰদৰ্শনী প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত পূব কমাণ্ডৰ অধীনৰ আটাইকেইটা ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে ভাগ লয় ।

প্ৰতিযোগিতাত গুৱাহাটীয়ে প্রথম , মেঘালয়ে দ্বিতীয় আৰু চাউথ বেংগল ফ্ৰণ্টিয়াৰে তৃতীয় স্থান লাভ কৰে ।
প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিজয়ী ফ্ৰণ্টিয়াৰক বঁটা প্ৰদান কৰে গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি ( পি এছ অ ) ৱিৰেন্দ্ৰ সিংয়ে । অনুষ্ঠানত উপস্থিত থাকে বি এছ এফ ৰ কেবাগৰাকী বিষয়া।