গুৱাহাটী – ‘জবকাৰ্ড আঁচনিৰ নামত যোৱা দুটা বছৰত ৬৫০ কোটি টকা বিপিএফ দলৰ নেতাই আত্মসাৎ কৰিছে। ইয়াৰ আমি এক উচিত তদন্ত বিচাৰিছোঁ। – এই কথা কালি উল্লেখ কৰৰে ইউপিপিএলৰ কাৰ্যবাহী সভাপতি প্ৰমোদ বড়োৱে। তেওঁ কয়, আমি দুটা তদন্ত বিচাৰিছোঁ বিটিআৰ অঞ্চলত। দুৰ্নীতিৰ সমান্তৰালভাৱে উন্নয়নমূলক আঁচনিবোৰৰ ফৰেনচিক হিচাপ হ’ব লাগে’।
তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে কালি তামুলপুৰৰ চাৰাংবাৰীত ১ নম্বৰ তামুলপুৰ প্ৰাইমাৰী ইউপিপিএল সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে।
তেওঁ লগতে কয় ‘প্ৰধান মন্ত্ৰী আবাস যোজনা আঁচনিতো বহু কেলেংকাৰী সংঘটিত হৈছে। বহু হিতাধিকাৰীৰ ঘৰ নিৰ্মাণ নকৰাকৈয়ে ঘৰৰ নামত আবণ্টিত ধন আত্মসাৎ হৈছে। একাংশ হিতাধিকাৰীৰ গৃহ বছৰ বছৰ ধৰি অৰ্ধ নিৰ্মিত হৈ ৰৈ গৈছে। ইয়াৰো এক তদন্ত হ’ব লাগে’।
তেওঁ আৰু কয়, ‘আমি বিচাৰো যে সকলো জাতি-জনগোষ্ঠীৰ লোক সদায় মিলাপ্ৰীতিৰে থাকিব লাগে। যোৱা ৩০-৪০ বছৰে সংগ্ৰাম চলাৰ সময়ত আমাৰ অঞ্চলত বহু সংঘাত হ’ল। বহু হিংসা হ’ল। ফলত এই অঞ্চলৰ অৰ্থনৈতিক-সামাজিক পৰিৱেশ বিনষ্ট হৈছে। অৰ্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ কাৰণে সামাজিক পৰিবেশ ভাল হৈ থকাটো দৰকাৰ। সেইবাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোক মিলা-প্ৰীতিৰে বসবাস কৰি থকাটো নিতান্তই প্ৰয়োজন।’