ৰঙিয়া – দুমাহ পিছত ৰঙিয়া আৰক্ষীৰ জালত পৰিল পত্নী হত্যাকাৰী। দুমাহ ধৰি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই অৱশেষত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল পত্নী হত্যাকাৰী কদম আলীক। পত্নীক হত্যা কৰি চাৰি বছৰীয়া সন্তানক লৈ পলায়ন কৰিছিল কদম আলী।

ৰঙিয়া আৰক্ষীয়ে দুমাহ ধৰি অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল পত্নী হত্যাকাৰী কদম আলীক। ৰঙিয়াৰ তুলসীবাৰী আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ ২ নং ইচ্ছাপুৰৰ পত্নী হত্যাকাৰী কদম আলীক।

চলিত বছৰৰ ৩০ অক্টোবৰ তাৰিখে কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক নৃশংসভাৱে হত্যা কৰিছিল। পত্নীক হত্যা কৰি নিজৰ চাৰি বছৰীয়া সন্তানটোক লগত লৈ পলায়ন কৰিছিল কদম আলী। পলায়ন কৰাৰ পূৰ্বে পত্নীৰ পৰিয়ালৰ আগত ফোন যোগে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল কদম আলীয়ে।

পত্নীক হত্যা কৰি নিজ সন্তানক লগতলৈ পলায়ন কৰা কদম আলীক জালত পেলাবলৈ দুমাহ ধৰি অভিযান চলাই আছিল আৰক্ষীয়ে। অৱশেষত আৰক্ষীয়ে কদম আলীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনৰ অৱস্থান বিচাৰি গুৱাহাটীৰ হাটীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত কদম আলীয়ে স্বীকাৰ কৰে যে ঘৰুৱা কাজিয়াৰ পৰিণতিত কদম আলীয়ে পত্নীক নিজ হাতেৰে ডিঙি চেপি হত্যা কৰিছিল। কদম আলীয়ে পত্নীক হত্যা কৰাৰ পিছত সঘনাই নিজৰ ঠিকনা সলনি কৰি থকাৰ বাবে কদম আলীক আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী সমস্যাৰ সন্মুখীন হৈছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰে পত্নী হত্যাকাৰী কদম আলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply