অইল কৰ্মীৰ প্ৰতিবাদ Credit: ইষ্ট ম'জ'

দুলীয়াজান– অইল ইণ্ডিয়া মটৰ ৱাৰ্কাৰ ইউনিয়নে দীৰ্ঘদিনৰ পৰা কৰি দাবীৰ প্ৰতি কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত উতপ্ত কৰি তোলে অইল ইণ্ডিয়াৰ চৌহদ। প্ৰতিবাদত স্তব্ধ হ’ল অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ। দীৰ্ঘদিনৰ পৰা ঠিকাভিত্তিক শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ বাৰে অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নে অইল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজিলৈকে কৰ্মচাৰী সকলে কোনো ধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাই।

ইয়াৰে প্ৰতিবাদত মঙলবাৰে পুৱাৰে পৰা শ্ৰমিকসকল ওলাই আহি অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাম–কাজ অচল হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অইলৰ ঔদ্যোগিক সুৰক্ষা বাহিনী মোতায়েন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply