গুৱাহাটী– সোমবাৰে মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পী ৰূপম ভূঞা।
মূৰ আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পোৱা শিল্পীজনক সংকটজনক অৱস্থাত মহানগৰীৰ হায়াত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
চানডুবিৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
উল্লেখযোগ্য যে, যোৱা বছৰ শিল্পীগৰাকীয়ে হেৰুৱাইছিল নিজৰ পত্নীক। দ্বিতীয়টো সন্তান জন্ম হোৱাৰ পিছতে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক সাৱটি লৈছিল ৰূপম ভূঞাৰ পত্নীয়ে।