প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী – অসমৰ বিজেপিৰ নেতৃত্বত থকা অসম চৰকাৰৰ মন্ত্ৰী আৰু বিধায়ক সকলে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা প্ৰায়ে কয় যদিও অসমত দুৰ্নীতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ।

ইমানেই ব্যৰ্থ যে দেশৰ ১৮খন বৃহৎ ৰাজ্যৰ ভিতৰত দুৰ্নীতি নিয়ন্ত্ৰণৰ তালিকাত ১৭ সংখ্যক স্থানহে লাভ কৰিবলৈ সক্ষম হল অসম ।

পাব্লিক এফফায়াৰ ইনডেক্সে শেহতীয়াকৈ মুকলি কৰা তালিকাত দুৰ্নীতি নিয়ন্ত্ৰণ ২০১৯ৰ বৃহৎ ১৮খন ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে হাৰিয়ানাই, দ্বিতীয় স্থান তামিলনাডু, তৃতীয় স্থান ছত্তীছগঢ়। আনহাতে শেষৰ তিনিখন ৰাজ্য হল ১৬সংখ্যক স্থানত পশ্চিম বংগ, ১৭সংখ্যক স্থানত অসম আৰু ১৮ সংখ্যক স্থানত কেৰেলা ।

দেশৰ ১২খন সৰু ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে মিজোৰাম, দ্বিতীয় স্থান উত্তৰাখণ্ড আৰু তৃতীয় স্থান লাভ কৰিছে নাগালেণ্ডে। এই শাখাত দুৰ্নীতি নিয়ন্ত্ৰণত তালিকাৰ অন্তিম স্থানত থকা ৰাজ্য তিনিখন হৈছে ১০নং স্থানত ছিকিম, ১১নং স্থানত দিল্লী আৰু ১২নং স্থানত মণিপুৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply