নিউজ ডেস্ক: বিহুতলিলৈ আহিলা… বুকুৰ মৰম যাচিলা…
এটা যুগক মুঠিত লৈ গুছি গʼল তেখেত।
মনোৰঞ্জন গগৈ আৰু নাই বুলি লিখিবলৈ হয়তো প্ৰতিজন সংগীত প্ৰেমীৰেই হাত কঁপিব
ৰাজ্যৰ সংস্কৃতি জগতৰ বাবে দুঃখবৰ।
জনপ্ৰিয় কন্ঠ শিল্পী মনোৰঞ্জন গগৈৰ মৃত্যু।
দেওবাৰে পুৱা জিএনআৰচি হাস্পতালত মৃত্যু হয় কন্ঠশিল্পী জনৰ।
শনিবাৰে ডাম্পাৰেৰে খুন্দিওয়াৰ ফলত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হৈছিল।
জি এন আৰ চিত চিকিৎসাধীন অবস্থাতে মৃত্যু হোৱাৰ খবৰে গুণমুগ্ধ সকলৰ মাজত শোকৰ ছা পৰিছে ।
লংকেশ্বৰৰ বাসিন্দা আছিল মনোৰঞ্জন গগৈ।
চিৰ সেউজ কন্ঠৰ অধিকাৰী মনোৰঞ্জন গগৈয়ে উপহাৰ দিছিল বহু কেইটা জনপ্ৰিয় গীত।
বহাগ ধুনীয়া, গধূলি পৰত, বিহুতলীলৈ আহিলা বুকুৰ মৰম যাছিলা দৰে গীতত কন্ঠদান কৰিছিল তেওঁ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে শ্ৰোতাৰ মাজত যি কেইগৰাকী গায়কে বিশেষ ভাবে ৰেখাপাত কৰিছিল তাৰ ভিতৰত মনোৰঞ্জন গগৈ অন্যতম ।