৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চশমা বিতৰণ

গুৱাহাটী – বিশ্ব ব্ৰেইলী দিৱস উপলক্ষে সোমবাৰে গুৱাহাটী মহানগৰৰ দৃষ্টিশক্তিৰ সমস্যাত ভোগা ৩৩ গৰাকী শিক্ষাৰ্থীৰ মাজত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত, জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনিৰ অধীনত বিনামূলীয়া চশমা বিতৰণ কৰা হয়৷ শিক্ষাৰ্থীসকলক চশমা বিতৰণ কৰে উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰবৰ্তীয়ে৷

গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ গৰাকী আৰু পাণ্ডু আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০ গৰাকী, মুঠ ৩৩ গৰাকী শিক্ষাৰ্থীৰ মাজত চশমা বিতৰণ কৰা হয়৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক আঁচনি বিষয়া ডা° কুমুদ শইকীয়া, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ খণ্ড ন’ডেল বিষয়া ডা° গীতিমা ডেকা আৰু শিক্ষা বিভাগৰ ৰাজ্যিক আঁচনি বিষয়া পাৰ্লি ফাৰিজা উম্মে কুলচুম উপস্থিত থাকে৷

যোৱা ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মাহজোৰা আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ ভ্ৰাম্যমান স্বাস্থ্য দলৰ দ্বাৰা ৩ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ কামৰূপ মহানগৰ জিলাৰ মুঠ ১০৭ খন বিদ্যালয়ৰ ৬ ৰ পৰা ১৮ বছৰ বয়সৰ ৫,৮৯৫ গৰাকী শিক্ষাৰ্থীৰ দৃষ্টিশক্তি হ্ৰাস, কেঁৰা চকু আৰু জন্মগত চকুত চানি পৰা ৰোগৰ পৰীক্ষা কৰা হয়৷

শিশুৰ দৃষ্টিশক্তি হ্ৰাস হোৱা বুলি চিনাক্ত শিশুসকলৰ মাজত বিনামূলীয়া চশমা বিতৰণ কৰা হয়৷ মুঠ ১৮০ গৰাকী শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া চশমা বিতৰণ কৰা হ’ব৷ কেঁৰা চকু আৰু জন্মগত চকুত চানি পৰা ৰোগত ভোগা সকলৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বিনামূলীয়া চকুৰ অস্ত্ৰোপচাৰ কৰা হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply