দেবব্ৰত শইকীয়া Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: অবশেষত বিৰোধী দলপতিৰ মর্যাদা হেৰুৱালে দেবব্ৰত শইকীয়াই | অসম বিধান সভা সচিবালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰ খাৰিজ কৰিছে |

ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাৰ বিচাৰপীঠে ইয়াক খাৰিজ কৰে ৷ ইয়াৰ লগে লগে বিধানসভাত বিৰোধী দলপতিৰ মর্যাদা হেৰুৱালে শইকীয়াই৷ উল্লেখ্য যে শেহতীয়াকৈ অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই কংগ্রেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত বিধায়ক পদো ত্যাগ কৰিছিল৷ যাৰ ফলত বিধানসভাৰ মজিয়াত হ্রাস পাইছিল কংগ্রেছৰ বিধায়কৰ সংখ্যা৷

আনকি বিৰোধী দলপতিৰ মর্যাদা লাভৰ বাবে প্রয়োজনীয় সংখ্যা বিধানসভাৰ মজিয়াত হ্রাস পাইছিল কংগ্রেছ দলৰ৷ যাৰ পৰিপ্রেক্ষিতত যোৱা এক জানুৱাৰীত এক নির্দেশনাযোগে বিধানসভা সচিবালয়ে দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তন কৰা হৈছে বুলি এক নির্দেশনা জাৰি কৰে৷

ইয়াৰ লগে লগে বিধানসভা সচিবালয়ৰ নির্দেশনাক প্রত্যাহ্বান জনাই দেৱব্রত শইকীয়াই ১৮২/২০২১ নম্বৰৰ লেখ আবেদন দাখিল কৰিছিল৷ প্রাথমিকভাৱে এই আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিৰোধী দলপতিৰ মর্যাদা কর্তনত স্থগিতাদেশ প্রদান কৰিছিল৷ কিন্তু বিগত এসপ্তাহ ধৰি হোৱা শুনানিৰ অন্তত ন্যায়ালয়ে বিধানসভা সচিবালয়ৰ নির্দেশনা বাহাল ৰাখে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply