বিনামূলীয়াকৈ লাভ কৰিব ৱাই-ফাই সেৱা

নিউজ ডেস্ক- দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব ৱাই-ফাই সেৱা। সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হ’ব পিএমৱাইফাই নামেৰে বিনামূলীয়া ইন্টাৰনেট সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এখন বৈঠকত এই বিষয়ে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে।

ইয়াৰ বাবে ধাৰ্য্য় কৰা হৈছে ২২ কোটি টকা। দেশজুৰি এক কোটি ডাটাকেন্দ্ৰ মুকলি কৰা হ’ব বুলি উল্লেখ কৰে ৰবি শংকৰে। এই আঁচনিৰ অধীনত মুকলি কৰিব লগা এই ডাটা কেন্দ্ৰসমূহৰ বাবে কোনো ধৰণৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব বুলি উল্লেখ কৰে ৰবিশংকৰ প্ৰসাদে ।

এই সেৱা লাভ কৰিবলৈ কোনো ধৰণৰ মাচুল তথা পঞ্জীয়নো কৰিব নালাগে। যিকোনো লোকেই অনায়াসে এই সেৱা লাভ কৰিব পাৰিব।

ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গাংগোৱাৰে উল্লেখ কৰা মতে ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়াৰ লক্ষ্য়ৰে ২০২৩ চনৰ ভিতৰত সমগ্ৰ দেশত এই ব্য়ৱস্থা কাৰ্যকৰী কৰা হ’ব। এই আচনিৰ জৰিয়তে ৫৮.৫ লাখ কৰ্মচাৰী উপকৃত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply