দেশৰ ১০খন শ্ৰেষ্ঠ আৰক্ষী থানা

নিউজ ডেস্ক– ভাৰতীয় গৃহ মন্ত্ৰণালয়ে নিৰ্বাচন কৰিলে দেশৰ ১০খন আৰক্ষীচকী।দেশৰ সৰ্বশ্ৰেষ্ঠ ১৬,৬৭১ খন আৰক্ষীচকীৰ মাজৰ পৰা গৃহ মন্ত্ৰণালয়ে নিৰ্বাচন কৰি উলিয়াই এই দহখন আৰক্ষীথানা। এক প্ৰেছ বিজ্ঞপ্তিযোগে গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে তালিকা প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত কয়, ‘দেশৰ সহস্ৰাধিক আৰক্ষীথানাৰ ভিতৰৰ পৰা যি দহখন আৰক্ষীচকী নিৰ্বাচন কৰা হৈছে সেই কেইখন সৰু সৰু চহৰ আৰু গাওঁ অঞ্চলৰ।’ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ক’ৰ’না সৃষ্ট সংকটৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ আধাৰত এইবাৰৰ এই তালিকা প্ৰস্তুত কৰা হৈছে।

গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫চনত গুজৰাটৰ কচ্চত আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ এখন সমাৱেশত সম্বোধন কৰি দিয়া পৰামৰ্শক কাৰ্যকৰী কৰি ২০২০ চনৰ বাবে এই শ্ৰেষ্ঠ দহখন থানা নিৰ্বাচিত কৰা হৈছে।

এই তালিকাত স্থানলাভ কৰা আৰক্ষী থানাকেইখন হৈছে ক্ৰমে, নংপোক ছেকমাই (থৌবাল, মণিপুৰ), এডব্লিউপিএছ-ছুৰামংগলম (ছালিম, তামিলনাডু), খাৰছাং (চাংলাং, অৰুণাচল প্ৰদেশ), ঝিলমিল (সুৰযপুৰ, চট্টিশগড়), ছাংউৱেম (দক্ষিণ গোৱা, গোৱা), কালিঘাট (উত্তৰ আৰু মধ্য আন্দামান), পাকইয়ং (ছিকিম), কান্থ (মোৰাদাবাদ, উত্তৰ প্ৰদেশ), খানৱেল (দাদৰ এণ্ড নগৰ হাৱেলী) আৰু জাম্মিকুন্তা টাউন (কৰিমনগৰ, তেলেংগানা)।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply