দেৰগাঁও– ৰাজ্যত চলি আহিছে জাল নোটৰ বেহা। দেৰগাঁৱত উদ্ধাৰ হৈছে ১৮ লাখ টকাৰ জাল নোট। লগতে গ্ৰেপ্তাৰ হৈছে দুজন লোক। এক বিশেষ সূত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা বিশেষ টাস্ক ফৰ্চৰ এটা দলে সোমবাৰে নিশা দেৰগাঁও ‘ব্লু ষ্টাৰ ‘ নামৰ এখন লজত উপস্থিত হয়। দেৰগাঁও আৰক্ষীৰ সহযোগত বিশেষ টাস্ক ফৰ্চৰ দলটোৱে লজখনত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ জাল নোট।
লগতে দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই জাল নোট ব্যৱসায়ৰ সৈতে জড়িত দুজনক। ধৃতলোককেইজন ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়া।
লোক দুজনে কোনো ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ। সম্প্ৰতি লোককেইজনক বিশেষ টাস্ক ফৰ্চৰ দলটোৱে লৈ আহিছে গুৱাহাটীলৈ। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিব আৰু অধিক তথ্য।