গুৱাহাটী – কা’বিৰোধী আন্দোলনৰ সময়ত চলা দিল্লীৰ হিংসাত্মক ঘটনাৰ জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অসমৰ ছাত্ৰী দেৱাংগনা কলিতাক। ইয়াৰ পিছতে আদালতত আৰক্ষীয়ে যাৱতীয় প্ৰমাণ দাখিল কৰিব নোৱাৰাত দেৱাংগনাৰ জামিন আবেদন মঞ্জুৰ কৰিছিল ন্যায়ালয়ে। ইয়াৰ পিছত আজি দেৱাংগনাৰ জামিনৰ নিৰ্দেশক প্ৰত্যাহবান জনাই সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হৈছিল দিল্লী আৰক্ষী। কিন্তু সৰ্বোচ্চ আদালতে দিল্লী আৰক্ষীৰ আবেদন নাকচ কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে দিল্লী আৰক্ষী।

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা দেৱাংগনাৰ জামিন নাকচ কৰাৰ বাবে দিল্লীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত কৰা এখন আবেদন আজি ন্যায়ালয়ে নাকচ কৰে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা ‘পিঞ্জিৰা টোড’ নামৰ সংস্থাটোৰ সদস্যা দেৱাংগনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেচনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে। তেওঁৰ বিৰুদ্ধে চাৰিখন এজাহাৰ দাখিল কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল আৰু তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply