দেৱালত অখিল গগৈৰ চিত্ৰ অংকন কৰি আৰক্ষীৰ ৰোষত পৰিল চিত্ৰশিল্পী

গুৱাহাটী- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ এখন বিশাল চিত্ৰ অংকণ কৰি গ্ৰেপ্তাৰ হ’ল চাৰিজনকৈ চিত্ৰশিল্পী। বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বশিষ্ঠৰ এখন দেৱালত ছবি আঁকি থকা অৱস্থাত আটক কৰে চিত্ৰশিল্পীকেইজনক।

নিধি ভৱনৰ সন্মুখৰ এখন দেৱালত অখিল গগৈক আৰক্ষীয়ে চলোৱা অত্যাচাৰ শীৰ্ষক প্ৰতিচ্ছবি অংকন কৰি আছিল ।অখিল গগৈৰ মুক্তিৰ দাবীত চিত্ৰ অংকণ কৰি থকা অৱস্থাত বশিষ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ’ অংগ Art Collective’ নামৰ স্বেচ্ছাসেৱী সংগঠন’টোৰ সদস্য়কেইজনক।

উল্লেখ্য় যে ১২ ডিচেম্বৰ, ২০১৯ত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক। ‘কা’ বিৰোধী আন্দোলনে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ১৭ ডিচেম্বৰত গুৱাহাটীৰ NIA-ৰ আদালতত হাজিৰ কৰা হৈছিল। মাওবাদীৰে সম্পৰ্ক থকা গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-ই গ্ৰেপ্তাৰ কৰা অখিল গগৈক ২০ দিনৰ জিম্মাত বিচাৰিছিল যদিও NIA-ৰ আদালতে প্ৰথমবাৰ ১০ দিনৰ বাবে অখিল গগৈক NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply