মঙলদৈ: দৰং জিলা আৰক্ষীয়ে জিলাখনৰ লগতে ওদালগুৰি আৰু কামৰূপ মহানগৰীত চলোৱা এক অভিযানত নিষিদ্ধঘোষিত আলফাৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ সাতজনকৈ আলফা নেতাক গ্ৰেপ্তাৰ কৰিছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই জনোৱা মতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলে চলোৱা অভিযানত এই সফলতা লাভ কৰে |
গ্ৰেপ্তাৰ কৰা কেইজন হৈছে ছিপাঝাৰ থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ খনীন্দ্ৰ কলিতা ওৰফে জ্যোতিষ (২৯), হিৰেণ কলিতা (৩৫), নাপ্তাপাৰা গাঁৱৰ ধৰ্মেন্দ্ৰ ডেকা (২৬), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙ্গাবাৰীৰ বলেন ডেকা (৩৮) আৰু আমলাগুৰি গাঁৱৰ ধ্ৰুৱজ্যোতি বৈশ্য (৩৭), মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্ৰসন্ন শইকীয়া ওৰফে প্ৰাণজিত চলিহা (৫৮) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে কোৱাৰ্টাৰৰ আবাসী অসীম অধিকাৰী ওৰফে ৰাজ দত্ত (২৭)।
ছিপাঝাৰ থানাৰ গোচৰ নং-১৪/২০২১ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি),২২১,৩৪ ধাৰা আৰু ইউ এ পি আইনৰ ১০/১৩ ধাৰাৰ অধীনত উক্ত লোককেইজনক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী অধীক্ষক অমৃত ভূঞাই জনোৱা মতে, খনীন্দ্ৰ কলিতা ওৰফে জ্যোতিষ, হিৰেণ কলিতা আৰু ধৰ্মেন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ম’বাইল কল পৰীক্ষাৰ অন্তত ম্যানমাৰৰ আলফা নেতাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰে।
আনহাতে কেইজনমানে আলফাত দুখীয়া ঘৰৰ লোকক সদস্য ভৰ্তিৰ চেষ্টা কৰিছিল আৰু চাৰিজনকৈ যুৱকক ডিমাপুৰলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছিল আৰু প্ৰশিক্ষণ এৰি পলায়ন কৰিছিল চাৰি যুৱক।
কেইবাগৰাকীও ব্যৱসায়ীক দিবলৈ সাজু কৰা পেডত লিখা ধন দাবী পত্ৰ তিনিখন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা গুৰুত্বপূৰ্ণ ডায়েৰী আৰু সাতটাকৈ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।