গুৱাহাটী – ধনৰ বিনিময়ত টেলিভিছন চেনেলৰ টি আৰ পি ক্রয় কৰা এটা চক্রক উৎখাত কৰা বুলি দাবী কৰিছে মুম্বাই আৰক্ষীয়ে৷ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ‘ফলছ টি আৰ পি ৰেকেট’ নাম দিয়া এই চক্রটো ধৰা পেলায়৷ মুম্বাই আৰক্ষীৰ আয়ুক্ত পৰমবীৰ সিঙে এই কথা প্রকাশ কৰিছে৷
তেওঁ লগতে কয় যে এই চক্রটোৱে কোটি কোটি টকাৰ ৰাজহ লুট কৰি আহিছিল৷ এই বিষয়টোত পোনপটীয়াকৈ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি পৰমবীৰ সিঙে কয় যে এই চেনেলটোৱে ধন দি নিজৰ ৰেটিং বৃদ্ধি কৰোৱাইছিল৷ আৰক্ষী আয়ুক্তজনে লগতে কয় যে টি আৰ পি চক্রটোৰ জৰিয়তে ধনৰ বিনিময়ত টি আৰ পিৰ হেৰফেৰ কৰিছিল৷ এই কেলেংকাৰিত মুম্বাইৰ আন দুটা চেনেলো জড়িত থকা বুলি অভিযোগ কৰা হৈছে৷
তেনে একেই পৰিস্থিতি অসমৰ টেলিভিছন মাধ্যমতো চলি আছে নেকি? এই বিষয়ে সবিস্তাৰে অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত জ্যেষ্ঠ সাংবাদিকে তেওঁৰ ‘টিআৰপি’ নামৰ গ্ৰন্থত নিৰ্মোহ স্বীকাৰোক্তিৰে উল্লেখ কৰিছে। এই বিষয়ে সবিশেষ ঘটনা পৰৱৰ্তী প্ৰতিবেদনত আমি উল্লেখ কৰিম।

ফখত মাৰাঠী আৰু বক্স চিনেমা নামৰ এই চেনেল দুটাই ধনৰ বিনিময়ত নিজৰ টি আৰ পি বৃদ্ধি কৰোৱাৰ অভিযোগ উঠিছে৷ এই অভিযোগ সম্পর্কত আৰক্ষীয়ে দুজন লোকক গ্রেপ্তাৰ কৰিছে আৰু আঠ লাখ টকা উদ্ধাৰ কৰিছে৷ মুম্বাই আৰক্ষীয়ে এই সম্পর্কত তথ্য আৰু সম্প্রচাৰ মন্ত্র্যালয়ক জনোৱা বুলি তেওঁ জনায়৷ পৰমবীৰ সিঙে আজি ইয়াত এখন সংবাদমেলত কয়, ‘ই এক অপৰাধ, জালিয়াতি৷
আমি ইয়াক প্রতিৰোধ কৰিবলৈ তদন্ত কৰি আছোঁ৷ ফৰেনছিক বিশেষজ্ঞৰ সহায় লোৱা হৈছে৷ গ্রেপ্তাৰ কৰা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত পৰৱর্তী ব্যৱস্থা গ্রহণ কৰা হ’ব৷’ আৰক্ষী আয়ুক্তজনে লগতে কয় যে এই অভিযোগৰ সৈতে দুটা সৰু চেনেল ফখ৲ত মাৰাঠী আৰু বক্স চিনেমাও জড়িত আছে আৰু ইয়াৰ মালিকক আটক কৰা হৈছে৷ তেওঁ লগতে কয় যে মুম্বাইত হংস নামৰ এটা কোম্পানীয়ে প্রায় দহ হাজাৰ পীপল৲ছ মিটাৰ লগায় আৰু ইয়াৰ জৰিয়তে চেনেলৰ টি আৰ পি জোখা হয়৷
মুম্বাইৰ আৰক্ষী আয়ুক্তজনৰ মতে, এই সন্দর্ভত বিশ্বাস ভংগ কৰা আৰু জালিয়াতিৰ অভিযোগ গোচৰ ৰুজু কৰা হৈছে৷ পৰমবীৰ সিঙৰ মতে এই অভিযোগত ৰিপাব্লিক টিভিৰ বিষয়া-কর্মচাৰী, প্রমোটাৰ আৰু সঞ্চালকো জড়িত থাকিব পাৰে৷ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীকো এই সন্দর্ভত জেৰা কৰিব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে তদন্তত প্রয়োজন হ’লে যিকোনো লোককে জেৰা কৰা হ’ব৷
ইয়াৰ লগতে টি আৰ পিৰ আধাৰত বিজ্ঞাপন দিয়া কোম্পানীকো জেৰা কৰা হ’ব আৰু তেওঁলোকক হেঁচা দিয়া হৈছিল নেকি সেইটো জনাৰ চেষ্টা কৰা হ’ব৷ সিঙৰ মতে টেলিভিছন উদ্যোগলৈ ৩০-৪০ কোটি টকাৰ বিজ্ঞাপন দিয়া হয়৷ বিজ্ঞাপনৰ হাৰ নির্ধাৰণ কৰা হয় টি আৰ পিৰ ওপৰত৷ কোনটো চেনেলে কি হিচাপত বিজ্ঞাপন পাব সেইটো টি আৰ পিৰ ওপৰত নির্ভৰশীল৷ টি আৰ পি সলনি হ’লে চেনেলৰ ৰাজহতো প্রভাৱ পেলায়৷
টি আৰ পি নির্ধাৰণ কৰে ‘বাৰ্কে’৷ মুম্বাই পুলিচে কৰা তদন্তৰ সময়ত এই কথা পোহৰলৈ আহে যে হংসৰ একাংশ কর্মচাৰীয়ে টেলিভিছন চেনেলৰ সৈতে তথ্যৰ আদান-প্রদান কৰে৷ তেওঁলোকে কোনো এটা নির্দিষ্ট চেনেল চাবলৈ মিটাৰ লগোৱা পৰিয়ালক কয়৷ আনকি ঘৰত কোনো নাথাকিলেও উক্ত চেনেলটো লগাই থৈ যাবলৈ কয়৷
আনকি পঢ়া-শুনা নথকা পৰিয়ালক ইংৰাজী চেনেল চোৱাৰ পৰামর্শ দিয়ে৷ ইয়াৰ বিনিময়ত ৪০০-৫০০ টকাকৈ দিয়া হয়৷ ইফালে ৰিপাব্লিক টিভিয়ে এই অভিযোগ অগ্রাহ্য কৰিছে৷ চেনেলটোৰ মতে অভিনেতা সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ গোচৰক লৈ আৰক্ষী আয়ুক্তজনৰ বিৰুদ্ধে কেইবাটাও প্রশ্ন উত্থাপন কৰিছিল৷ ইয়াৰ প্রতিশোধ হিচাপে এই অভিযোগ অনা বুলি চেনেলটোৱে কয়৷
বৰ্তমান দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যেন মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে ইণ্ডিয়া টুডে আৰু ৰিপাব্লিক টিভি । যোৱা কালি মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি’য়ে টেলিভিছন ৰেটিং পইণ্ট’ৰ খেলিমেলিত ৰিপাব্লিক টিভি জড়িত বুলি উল্লেখ কৰিছিল ।
অৰ্ণব গোস্বামীয়ে ইয়াৰ পিছত নিজৰ অনুষ্ঠান যোগে প্ৰমাণ সহ সদৰী কৰিছিল যে এই খেলিমেলি’ৰ বিৰুদ্ধে থকা এফ আই আৰ’ৰ ইংৰাজী টিভি নিউজ চেনেল ইণ্ডিয়ান টুডে’ৰ নাম হে উল্লেখ আছে । মুম্বাই’ৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে অপৰাধ মূলক মানহানি গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰে অৰ্ণৱ গোস্বামীয়ে ।
ইয়াৰ প্ৰত্যুত্তৰত বৰ্তমান ইণ্ডিয়া টুডে নিজৰ চেনেল’ৰ জৰিয়তে প্ৰমাণ সহ এই কেলেংকাৰীত যে ৰিপাব্লিক টিভি জড়িত আছে এই কথা উল্লেখ কৰিছে ।
উল্লেখ্য যে শেহতীয়াকৈ দেশৰ ন্যায় ব্যৱস্থাৰ মজিয়াৰ দেশৰ সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে আলোচনা হৈছে । ন্যায়ালয়ে বিভিন্ন বিষয়ত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে টিপ্পনী কৰিব লগা হৈছে আনকি সংবাদ মাধ্যমৰ অনুষ্ঠান নিষিদ্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।