নিউজ ডেস্ক– ধুনীয়া হ’বলৈ গৈ বিপদতহে পৰিল যুৱতী। শিলচৰৰ এগৰাকী যুৱতীৰ পাৰ্লাৰত ফেচিয়েল কৰি জ্বলি যায় মুখৰ ছাল। যুৱতী গৰাকীৰ নাম বিনীতা নাথ। বান্ধৱীৰ বিয়াৰ বাবে শিলচৰ চহৰৰ লিংক ৰোডৰ সাৰদা নামৰ বিউটি পাৰ্লাৰ খনত গৈছিল ফেচিয়েল কৰিবলৈ। পাৰ্লাৰৰ এগৰাকী কৰ্মীয়ে তেওঁৰ মুখত ব্লিচ লগোৱাৰ পিছতে দুৰ্ভাগ্যজনক ভাবে যুৱতীগৰাকীৰ সমস্ত মুখখন জ্বলি যায়।

বিনীতা নাথ শিলচৰৰ NIT প্ৰাক্তন ছাত্ৰী ৷ বৰ্তমান তেওঁ ইটালীৰ ৰোম চহৰত থাকি গৱেষণা কৰি আছে। বান্ধৱীৰ বিয়াৰ বাবে অসমলৈ আহিছিল যুৱতীগৰাকী। সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে ফেচবুকত ফটো আৰু ভিডিঅ’ আপলোড কৰাৰ পাছতেই ভাইৰেল হৈ পৰে যুৱতীগৰাকীৰ ভিডিঅ’। বৰ্তমান এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে।