গুৱাহাটী – ধুবুৰীত নকল চাৰ্টিফিকেট বনোৱা চক্ৰ উৎখাত। মঙলবাৰে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই প্ৰৱঞ্চকক। আটক কৰা লোক কেইজন হৈছে মফিদুল ইছলাম আৰু মহম্মদ ছফিকুল ইছলাম।
লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰে কে’বাখনো ভুৱা চাৰ্টিফিকেট, নকল ছিল-মোহৰ আৰু দুটা প্ৰিণ্টাৰ, এটা লেপটপ ।
বৰ্তমান এই সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।