ক্ষুব্ধ ছাত্ৰ ছাত্ৰীৰ পথ অৱৰোধ :নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়মৰ অভিযোগ

নগাঁও :-পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰি সোমবাৰে নগাঁও পলি ৰোডত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে। নগাঁও পানীগাঁৱৰ পৰা পলিটেকনিকলৈ পথছোৱাৰ নিৰ্মাণ কাৰ্য্য চলি আছে যদিও ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে।

বিশেষকৈ ফাগুন মাহৰ প্ৰকমহুৰ্তত ধূলিত ধূসৰিত ৰাজপথত পানী দিয়াৰ বাবে দাবী জনায় আহিছে যদিও পথ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে।

পথ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে পথছোৱাত পানীৰ ব্যৱস্থা নকৰা অতিমাত্ৰা ধূলিৰ বাবে পথটিৰে ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীসকল যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। যাৰ ফলত ক্ষুব্ধ ছাত্ৰ ছাত্ৰীয়ে সোমবাৰে পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

আনকি পথটিৰে যাব বিচৰা আৰক্ষীকো বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে। অৱশেষত আৰক্ষীৰ এটা দল উপস্থিত হৈ পথ অৱৰোধ কৰা ছাত্ৰ ছাত্ৰীক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদ ভংগ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply