ধেমাজিঃ ধেমাজি মহাবিদ্যালয়ৰ সভাকক্ষত ধেমাজি মহাবিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থা-ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ত্ৰয়োবিংশতিতম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানখনত প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে ধেমাজি আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি জয়ন্ত বৰগোহাঁয়ে, শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়াই। অধিবেশনত উপস্থিত থকা মুখ্য অতিথি, বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি সকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ কৰ্মকৰ্তা সকলে। সমবেত সংগীত পৰিবেশন কৰাৰ পাছতেই প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰে আৰু লগতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। জয়ন্ত বৰগোহাঁই সভাপতিত্ব কৰা প্ৰতিনিধি সভাত বিশিষ্ট অতিথি হিচাপে আছুৰ কাৰ্যনিৰ্বাহ সদস্য ৰাজীৱ গগৈৰ লগতে জিলা ছাত্ৰ সন্থা সভাপতি দীপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈ প্ৰমুখ্যে আমন্ত্ৰিত অতিথি হিচাপে আছুৰ উপদেষ্টা গোলাপ দাস, বিজু দাস, ৰঞ্জিত বসুমতাৰী, নয়নজ্যোতি বৰুৱাৰ লগতে বহুতো বিষয়ববীয়া উপস্থিত থাকে।

ধেমাজি আঞ্চলিক ছাত্র সন্থাই জানিব দিয়া মতে দিনৰ তিনি বজাত বিষয় বাচনি সভা আৰু সন্ধিয়া পাঁচ বজাত বন্তি প্ৰজ্বলেনেৰে সভা সম্পূৰ্ণ কৰা হ’ব বুলি জানিব দিয়ে।

লগতে পঢ়কঃপৃথক বড়োভূমিৰ দাবীত গঠন হ’ল নতুন সংগঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply