মৈৰাবাৰী- নিৰ্বাচনৰ আগত আকৌ ৰাইজৰ ৰোষত ধিঙৰ এ আই ইউ ডি এফৰ ৰ বিধায়ক আমিনুল ইছলাম | বুধবাৰে নিশা বিধায়ক গৰাকী সন্মুখীন হয় এক অস্বস্তিকৰ মুহূৰ্তত । নিশা গাড়ী গৈ থকা সময়ত মৈৰাবাৰীৰ এখন দোকানত পান খাবলৈ সোমোৱাৰ সময়তেই সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ | বিধায়ক গৰাকী ৰোৱাৰ সময়তে সেই স্থানত লগ বন্ধুৰ সৈতে উপস্থিত হয়হি ৰফিকুল নামৰ এজন যুবক | আহিয়েই বিধায়ক ইছলামৰ পৰা ওভোতাই বিচাৰে এসময়ত তেওঁৰ পৰা লোৱা ৩.৫০ লাখ টকা।
ৰফিকুলৰ ভাষ্য অনুসৰি প্ৰায় ১০ বছৰ মান আগতে গাড়ী কিনিবলৈ তেওৰ পৰা বিধায়ক আমিনুল ইছলামে ধাৰলৈ লৈছিল ৩.৫০ লাখ টকা। কিন্তু ১০ বছৰে ধনখিনি ঘূৰাই নিদিয়াত বিধায়ক গৰাকীক লগ পাই ধন বিচাৰি এক প্ৰকাৰ ঘেৰাও কৰে |
হঠাত্ তেনে এক পৰিবেশৰ সন্মুখীন হোৱাত কিংকৰ্তব্যবিমূঢ় হৈ পৰে বিধায়ক ইছলাম, ক্ষুব্ধ ৰফিকুলক সৈমান কৰিবলৈ চেষ্টা চলায়।পৰিস্থিতি বেয়াৰ ফাললৈ যোৱাৰ শংকাত উপস্থিত ৰাইজৰ মাজৰ দুই একে বিধায়কগৰাকীক তাৰ পৰা পলুৱাই পঠোৱাই । এতিয়ালৈকে বিধায়ক গৰাকীয়ে এই সম্পৰ্কে এতিয়াও মুখ খোলা নাই |