নগাঁও: ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁও জিলাত ড্ৰাগছে ভয়াবহ ৰূপ লৈছে |নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ এটা দলে নগাঁৱৰ ছলচলিত চলোৱা অভিযানত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মহিলাসহ তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। ধৃত মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। লগতে ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত ছলচলিৰ ছাইফুল ইছলাম আৰু জমিৰ আলী নামৰ লোকজনকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply