কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

জাগীৰোড– নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে নগাঁও কাগজ কলৰ মুখ্যদ্বাৰত অসম জাতীয় পৰিষদ আৰু জাতীয় শ্ৰমিক শক্তিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কাগজ কল পুনৰুজ্জীৱিত কৰা আৰু কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবীত বহুবাৰ বিভিন্ন দল–সংগঠন তথা কল দুটাৰ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো কাণসাৰ দিয়া নাই চৰকাৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও যিকোনো প্ৰকাৰে আইনৰ সহায় লৈ হ’লেও নগাঁও আৰু কাছাৰ কাগজ কল দুটা কাৰ্যক্ষম কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ষড়যন্ত্ৰমূলকভাৱে নগাঁও আৰু কাছাৰ কাগজ কলদুটা চৰকাৰী ষড়যন্ত্ৰত বন্ধ কৰা হ’ল বুলি মন্তব্য কৰে আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷

আনহাতে, এইবাৰ অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply