নলবাৰী যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক:- নলবাৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্য়স্ত কৰে যুৱ কংগ্ৰেছ কৰ্মীয়ে। বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

নলবাৰী জিলাৰ শতাধিক যুৱ কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ কৰে।

নগাঁৱত কংগ্ৰেছে চাইকেল ৰেলী উলিয়াই প্ৰতিবাদী কাৰ্যসূচী পালন

নগাঁৱতো কংগ্ৰেছে চাইকেল ৰেলী উলিয়াই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷কৃষক আইন বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁও চহৰত কংগ্ৰেছে উলিয়াই এই চাইকেল ৰেলী ৷ নগাঁও পৌৰ আৰু খাগৰিজান ব্লক কংগ্ৰেছৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাই ৷

নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওৱা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰা কংগ্ৰেছীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল তোলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply