নগাঁও : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি অনুষ্ঠিত ভোট গণনাত ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ ১০ টা পৰিষদীয় সমষ্টিত বৃহৎ জয় আজুৰি আনিবলৈ সক্ষম হয়। নগাঁও চহৰৰ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত ভোট গণনাত অন্যান্য ৰাজনৈতিক দলক নসাৎ কৰি আটাইকেইখন আসনতে বিজেপি দলে জয়লাভ কৰে।

জিলা খনৰ অন্তৰ্গত তিৱা পৰিষদীয় সমষ্টি সমূহত ক্ৰমে- বাৰপূজীয়াত- বিজেপি দলৰ কমল বৰদলৈ,লুটুমাৰীত বিজেপি দলৰ বিটু বৰদলৈ, জোঙালবলহুত বিজেপি দলৰ- প্ৰনৱজ্যোতি মছৰং, পুখুৰীপাৰত বিজেপি দলৰ বিশ্বজ্যোতি পাটৰ,কমাৰগাঁৱত বিজেপি দলৰ অজিত পাটৰ,টোপাকুছিত বিজেপি দলৰ সৰোজ কোঁৱৰ,জৰাবাৰীত বিজেপি দলৰ গীতামণি কলিতা ভূঞা, চহৰী সমষ্টিত বিজেপি দলৰ মোহন সেনাপতি,নামবৰ লালুং সমষ্টিত বিজেপি দলৰ ইন্দ্ৰ বৰদলৈ আৰু লালুংপাৰ পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মদন বৰদলৈয়ে জয় সাব্যস্ত কৰে।
বিজেপি দলৰ এই অভাৱনীয় সফলতাই দলটোৰ নেতা- কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ নামি আহিছে। তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে ভোট গণনা কেন্দ্ৰৰ বাহিৰত বিজেপি দলৰ কৰ্মী সকলে ঢোলে-দগৰে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়।