নগাঁও – পথ সুৰক্ষাকলৈ অধিক কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন। নগাঁও প্ৰশাসনে পথ সুৰক্ষাকলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে তেল ডিপোৰ স্বত্বাধিকাৰী সকলক। মাস্ক আৰু হেলমেট পৰিধান নকৰিলে তেল ভৰাব নোৱাৰিব নগাঁৱৰ তেল ডিপোত।
মাস্ক, হেলমেট ব্যৱহাৰ নকৰিলে এতিয়াৰে পৰা নগাঁৱত দুচকীয়া বাহনত ভৰাব নোৱাৰিব তেল। মাস্ক আৰু হেলমেট পৰিধানৰ ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন। এতিয়াৰ পৰা মাস্ক আৰু হেলমেট পৰিধান নকৰাকৈ তেল ডিপোলৈ তেল ভৰাব গলে তেল নাপাব দুচকীয়া বাহন।
এক আদেশ যোগে তেল ডিপোৰ স্বত্বাধিকাৰী সকলক নগাওঁ জিলা পথ সুৰক্ষা কমিটিত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি হেলমেট আৰু মাস্ক পৰিধান নকৰা দুচকীয়া বাহনৰ চালক সকলক তেল প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে।
বৃহস্পতিবাৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। নগাঁও জিলা জনসংযোগ বিষয়াই এক বিবৃত্তি যোগে জনাইছে এই নিৰ্দেশনাৰ বিষয়ে।