নিউজ ডেস্ক: যোৰহাট আৰু নগাঁৱত হোৱা ভয়ংকৰ অগ্নিকান্ডত বহুকেইটা বাসগৃহ জাহ যায় ৷ শুকুৰবাৰে নিশা যোৰহাটৰ বালিগাঁৱৰ জানখনাত আৰু নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপৰ ফাঁচীৰোড পানীটেংকি অঞ্চলত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷
শ্বৰ্ট চাৰ্কিটৰ ফলতেই যোৰহাটত জুইত জাহ যায় তিনিটাকৈ বাসগৃহ। এটা চিলিণ্ডাৰো বিস্ফোৰণ হৈছে অগ্নিকাণ্ডত৷ জুইৰ লেলিহান শিখাই নিমিষতে শেষ কৰে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ৷ অগ্নি নিৰ্বাপনৰ তিনিখন বাহনে জুই নুমোৱাবলৈ সক্ষম হয় যদিও জুইত জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰী৷
ইপিনে নগাঁৱত দপদপকৈ জ্বলিল প্ৰায় ১৫টাৰো অধিক ঘৰ। নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল আকবৰ আলী, ভাইটি আলী, চুকুৰ আলী, আছাদুল হক, মাইনুল হক, আবুত আলম আদিৰ বাসগৃহ আৰু ঘৰৰ সকলো সামগ্ৰী। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় দুঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই৷
অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত হোৱা নাই যদিও একাংশই ৰে’ল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোকসকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। আন একাংশই বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ আশংকা কৰিছে৷