নগাঁও: নগাঁৱত এখন ব্যক্তিগত এম্বুলেঞ্চৰ পৰা নিষিদ্ধ হেৰ’ইন জব্দ হোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। দেওবাৰে পুৱাই নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ ভকতগাঁৱত এখন এম্বুলেঞ্চৰ চালকৰ লগতে সহযোগীয়ে এম্বুলেঞ্চ ৰখাই ড্ৰাগছ সেৱন কৰাৰ চেষ্টা কৰাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি দুয়োজনকে আটক কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ৰাজু কলিতা আৰু ৰাজ ঋতু বৰা নামৰ দুজনক আটক কৰে | আৰক্ষীয়ে এম্বুলেঞ্চখনৰ পৰা নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। হয়বৰগাঁও আৰক্ষীয়ে দলটোৱে ব্যবহাৰ কৰা AS 21 H 9764 নম্বৰৰ এম্বুলেঞ্চখনো জব্দ কৰিবলৈ সক্ষম হয়