নগাঁও: জাতিধ্বংসী ‘কা’ৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিলে কেইবাগৰাকীও নগঞা শিক্ষাবিদ-সাহিত্যিকে । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অসম বচাও শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ নেতৃত্বত নগাঁৱত আৰম্ভ কৰা হয় গণসংযোগ অভিযান । এই অভিযান কালত কেইবাগৰাকীও নগঞা সাহিত্যিক শিক্ষাবিদে ‘কা’ৰ বিৰোধিতা কৰি সাম্প্ৰদায়িকমুক্ত অসম গঢ়াৰ আহ্বান জনায় ।
প্ৰথমে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন,নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাসহিতে এটা সজাতি দলে নগাঁৱৰ বিশিষ্ট সাহিত্যিক ড৹ খৰ্গেশ্বৰ ভূঞাক সাক্ষাৎ কৰি কা সন্দৰ্ভত তেখেতৰ মতামত গ্ৰহণ কৰি গামোচাত স্বাক্ষৰ গ্ৰহণ কৰে । ইয়াৰ পিছতে নগাঁৱৰ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ বাসগৃহলৈ গৈ কা সন্দৰ্ভত তেখেতৰ মতামত গ্ৰহণ কৰে । এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ সাক্ষাতৰ পিছতেই বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া আৰু বিশিষ্ট শিক্ষাবিদ মুকুল শইকীয়াকো সাক্ষাৎ কৰি কা সন্দৰ্ভত তেওঁলোকৰ মতামত আৰু স্বাক্ষৰ গ্ৰহণ কৰে ।

ৰকিবুল হুছেইনৰ নেতৃত্বৰ এই সাক্ষাৎকালত আটাইকেইগৰাকী সমাজ বৰেণ্য ব্যক্তিয়েই অসমীয়া জাতিৰ মৃত্যু শেলৰূপী কা বিৰোধিতা কৰি নিজস্ব মতামত দাঙি ধৰে । ইফালে নগাঁও কলেজ চ’কতো সুদীৰ্ঘ গামোচা প্ৰদৰ্শন কৰি সেই গামোচাত সচেতন ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰি ‘কা’ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসমাজ আৰু নাগৰিকে । এই প্ৰতিবাদী কাৰ্যসূচীতো কংগ্ৰেছৰ সজাতি দলটোৱে অংশগ্ৰহণ কৰি ৰূপহী অভিমুখে ৰাওনা হয় ।