নগাঁও: যি সময়ত চাকৰিৰ বাবে যুবক যুৱতীয়ে হাহাকাৰ কৰিব লগা হৈছে সেই সময়ত এচামে চাকৰিৰ নামত চলাইছে প্ৰবঞ্চনা | তেনে এক ঘটনা ঘটিল দেওবাৰে নগাঁৱত । চাকৰিৰ লিখিত পৰীক্ষা দিবলৈ আহি উভতি যাবলগীয়া হল চাকৰি প্ৰাৰ্থী।
চাকৰি বিচাৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে হাহাকাৰ কৰাৰ সময়ত নগাঁৱত চাকৰিৰ লিখিত পৰীক্ষা দিবলৈ আহি হতাশ হবলগীয়া হল চাকৰি প্ৰাৰ্থী। ২০১৮ চনতে নগাঁও আইন সেৱা প্ৰাধিকৰনে প্ৰকাশ কৰা নিযুক্তিৰ বিজ্ঞাপন মতে আবেদন কৰিছিল বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে।
আবেদন কৰা যুৱক যুৱতীয়ে ইতিমধ্যে এই নিযুক্তিৰ লিখিত পৰীক্ষাৰ বাবে লাভ কৰিছিল কলিং লেটাৰ। নগাঁও আইন সেৱা প্ৰাধিকৰণৰ সহায়ক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে কলিং লেটাৰত উল্লেখ কৰা অনুযায়ী দেওবাৰে লিখিত পৰীক্ষা দিবলৈ নগাঁও চৰকাৰী বালক বিদ্যালয়ত উপস্থিত হয় যদিও সেই বিদ্যালয় খনত কোনো ধৰণৰ পৰীক্ষা আয়োজন নকৰাৰ বিষয়ে জানিব পাৰে।
ইয়াৰ ফলত পৰীক্ষা অনুষ্ঠিত নকৰাক লৈ ক্ষোভিত হৈ পৰে চাকৰি প্ৰাৰ্থীসকল। আবেদনকাৰী প্ৰাৰ্থী সকলক পৰীক্ষালৈ মাতি কিয় পৰীক্ষা আয়োজন নকৰিলে সেই সম্পৰ্কে এতিয়াও একো তথ্য প্ৰকাশ কৰা নাই |