নগাঁৱত চোৰে লুটি নিলে হীৰাৰ গহনাৰ ছেট

নগাঁও – নগাঁৱত চোৰৰ চাফাই অভিযান। চোৰে লুটি নিলে হীৰাৰ গহনা। ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি তলা ভাঙিলে চোৰৰ দলে।

নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিন হয়বৰত চোৰে চলালে চাফাই অভিযান।আবুল কালাম হাফিজুদ্দিন নামৰ এজন লোকৰ ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে ঘৰৰ তলা ভাঙি লুটি নিয়া প্ৰায় আঠ লক্ষাধিক টকা সোণৰ অলংকাৰসহ হীৰাৰ গহনাৰ ছেট।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে নগাঁও জিলাত বিগত কিছুদিন ধৰি বিভিন্ন অপৰাধজনীত ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ ড্ৰাগছৰ ঘটিত পৰিণত হোৱা নগাঁও জিলাত চুৰি, হত্যা, আহৰণৰ দৰে ঘটনা একেবাৰে সাধাৰণ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply