ড্ৰাগছ আসক্ত যুৱকক উত্তম মাধ্যম ৰাইজৰ

নগাঁও – নগাঁৱত ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ আসক্ত যুৱকক। ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত যুৱকজনক কৰায়ত্ত কৰি ৰাইজে শোধালে উত্তম মাধ্যম। দেওবাৰেও এজন ব্যক্তিগত এম্বুলেঞ্চৰ চালক আৰু চালকজনৰ সহযোগীক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰিছিল।

নগাঁও জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। দিনক দিনে জিলাখনৰ বিভিন্ন অঞ্চলত ড্ৰাগছ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে জিলাখনৰ ৰাইজ। ড্ৰাগছৰ বিৰুদ্ধে অধিক সজাগ হৈ পৰিছে নগাঁৱৰ ৰাইজ।

সোমবাৰে নগাঁৱৰ ভূঞাপট্টিত এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি উত্তম মাধ্যম শোধাই স্থানীয় ৰাইজে। ভূঞাপট্টিৰ এখন গেলামাল দোকানৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ ক্ৰয় কৰা সময়তে স্থানীয় লোকে আটক কৰে যুৱকজনক। ধৃত যুৱকজনৰ পৰা ৰাইজে হেৰ’ইনসহ ড্ৰাগছৰ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ জব্দ কৰে। চিৰিঞ্জ বিক্ৰী কৰা হবিব নামৰ গেলামাল দোকানীজনকো আটক কৰে ৰাইজে। ধৃত দুয়োকে ৰাইজে উত্তম মাধ্যম শোধাই নগাঁও আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে দেওবাৰও নগাঁও জিলাৰ ভকতগাঁৱত ৰাইজে এজন ব্যৱক্তিগত এম্বুলেঞ্চৰ চালক আৰু চালকজনৰ সহযোগীক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰিছিল। ৰাইজে ড্ৰাগছ আসক্ত এম্বুলেঞ্চ চালকজনৰ কবলৰ পৰা জব্দ কৰিছিল বহু পৰিমাণৰ হেৰা’ইন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply