নগাঁৱত যুৱক আহত Credit: ইষ্ট ম'জ'

নগাঁও– নগাঁৱত গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীচালনাত আহত হয় ধিঙৰ প্ৰণৱ নাথ নামৰ যুৱকজন।। নগাঁৱৰ পলাশনীত সংঘটিত হয় এই ঘটনা।

কৰ্মস্থলীৰ পৰা নগাঁও অভিমুখে আহি থাকোতেই মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই যুৱকজনক আগচি ঘৰি গুলী চালনা কৰে। আহত যুৱকজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধন লুটৰ বাবেই দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰা সন্দেহ স্থানীয় লোকৰ।

আহত যুৱকজন এটা কোম্পানীত কৰ্মৰত আছিল। নগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply