নগাঁৱত পুনৰ চুৰিকাণ্ড

জুৰীয়া – নগাঁৱত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড। দিন দুপৰতে এগৰাকী শিক্ষকৰ ঘৰত চুৰিকাণ্ড। লুটি নিলে নগদ ৫০ হাজাৰ টকাসহ বহু সোণ আৰু ৰূপৰ অলংকাৰ।

নগাঁও জিলাৰ জুৰীয়াত দিন দুপৰতে সংঘটিত হৈছে চুৰিকাণ্ড। শনিবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী শিক্ষকৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান। আবুল ফজল নামৰ শিক্ষক গৰাকী ঘৰত তলা লগাই বিদ্যালয়লৈ যোৱাৰ পিছতে শিক্ষক গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰে।

ঘৰৰ আলমাৰিৰ তলা ভাঙি চোৰে শিক্ষাক গৰাকীৰ ঘৰৰ পৰা নগদ ৫০ হাজাৰ টকাৰ লগতে ৫ তোলা সোণ আৰু ৰূপৰ অলংকাৰ লুটি নিয়া। জুৰীয়া বজাৰৰ সমীপৰ আবুল ফজল নামৰ শিক্ষক গৰাকীৰ ঘৰৰ চাদ ভাঙি চোৰৰ দলটোৱে ঘৰৰ প্ৰৱেশ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply