নগাঁও – নগাঁৱত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। নগাঁও আৰক্ষীৰ অভিযানত জব্দ নিচাজাতীয় দ্ৰব্যখিনি। শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে চলাইছিল নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান। বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে আটক এজন সৰবৰাহকাৰী।
নগাঁও জিলাত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন। জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহাৰ লগত জড়িত লোকে মুক্তভাৱে নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই নিয়াৰ সমান্তৰালে নগাঁও আৰক্ষীয়ে জিলাখনত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ। বিগত সময়ছোৱাত নগাঁও আৰক্ষীয়ে নগাঁৱৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে।
শুকুৰবাৰে নিশা পুনৰ নগাঁও আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলাই জব্দ কৰে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা, নগাঁও নগৰ শাখাৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাস আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদূৰ ৰহমানৰ নেতৃত্বত আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই নগাঁৱৰ টাউন টেলিয়াগাঁৱৰ ম’হখুলিৰ আজগৰ আলী নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য।
ম’হখুলিৰ আজগৰ আলী নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজ ভাড়াঘৰৰ পৰাই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আজগৰ আলীৰ ভাড়াঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে আজগৰ আলীকো আটক কৰিবলৈ সক্ষম হয়।